পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মোৰ মনে কৈ উঠিল—‘নৈঋত তুমি আহিলে ময়ো ভাল পালোহেঁতেন। তুমিতো জানা, অৰণ্যা তোমাৰেই সন্তান। এবাৰলৈ অহমিকা এৰি গুচি অহা হলে কোনখন শাস্ত্ৰ লঘ্নিত হ’লহেঁতেন নৈঋত?’—মনতে তোমালৈ অভিমান এটা এৰি দিলোঁ।

 নিয়ৰ হঠাতে অদৃশ্য হৈ পৰিল। মই মঞ্চৰ পৰা নামি আহিলোঁ। মোক গান এটা গাবলৈ অনুৰোধ কৰিছিল, কিন্তু থিয় হৈ থকাৰ শক্তি নাই মোৰ শৰীৰত, বিনয়ৰে বুজাই দিলোঁ।

 ফাইনেল ৰিজাল্ট দিয়াৰ সময় সমাগত। এইখিনিতে ভোটদানৰ প্ৰক্ৰিয়াত ৰিজাল্টবোৰ অলপ অনুমানবিহীন হৈ পৰে। অৰণ্যাই ছেকেণ্ড স্থান পালে। শীৰ্ষ মুকুটটো ল’ব নোৱাৰি তাইৰ চকুত চকুলো বিৰিঙিব লৈছিলহে, মই ইংগিতেৰে মানা কৰিলো, “ন’ টিয়েৰ্ছ ডালিং”। হঠাতে ঘোষিকাগৰাকীয়ে মাইকত ঘোষণা কৰিছে, অৰণ্যাৰ দেউতাক উপস্থিত হৈছে বুলি। নিয়ৰক বিচাৰিলোঁ মই, সি নাই। ক’ত গল সি? নিয়ৰ! নিয়ৰ! হয় হয় সৌটো নিয়ৰ। দেউতাকৰ কান্ধত ধৰি নিয়ৰ আগবাঢ়ি গৈছে মঞ্চৰ ফালে...অৰণ্যাৰ কাষলৈ। তোমাক দেখি মোৰ ষোল্ল বছৰীয়া সলাজ হাঁহিটো ওলাই আহিল, “একেই আছা তুমি, একেই আছা তুমি। মোৰ ভিতৰখনত আলোড়ন সৃষ্টি কৰিৰ পৰাকৈ তুমি এতিয়াও মোৰ সপোনৰ ছবিটিয়েই হৈ আছা।”

 মযো মঞ্চত উঠিব বিচাৰিছিলোঁ। সন্ধ্যাই সহায় কৰিব বিচাৰিলে। মই নালাগে বুলি ক’লোঁ। মই অকলেই উঠি যাম তোমাৰ ওচৰলৈ। তোমাৰ কাষত এবাৰ থিয় দিম। চুই চাম তোমাক এবাৰলৈ। কিমান বছৰ বাৰু? কিমান বছৰৰ পাছত তোমাক চুই চাম মই? বাৰ বছৰৰ মূৰত। ঠিক মনত পৰিছে। সম্পূৰ্ণ বাৰ বছৰৰ মূৰত মই তোমাৰ কাষত থিয় দিম।

 তুমি অৰণ্যাক কোলাত তুলি ল’লা। অৰণ্যা সুখী, নিয়ৰো সুখী। দৰ্শকো সুখী। সিহঁতে যেন আমাৰ মিলনক লৈ বদ্ধপৰিকৰ। মই মঞ্চলৈ আগবাঢ়ি গ’লোঁ, অৰণ্যাও আগবাঢ়ি আহিল। তুমি হাঁহি আছিলা নৈঋত। অবিশ্বাসৰ চাৱনি এটাৰে তুমিও আগবাঢ়ি আহিলা। মোলৈ হাতখন আগবঢ়াই দিলা। মনৰ নে শৰীৰৰ ভাৰসাম্য ৰাখিব নোৱাৰি মই তোমাৰ গাত ঢলি পৰিলোঁ।

 তাৰ পাছৰখিনি শুনা কথা। হস্পিতালৰ বেডত পৰি থাকোঁতে সন্ধ্যাই কোৱা কথা। এম্বুলেঞ্চ মতা হৈছিল। তুমি মোক দাঙি নি এম্বুলেঞ্চত সুমুৱাইছিলা।

 “কি হ’ল ছায়া, কিয় ইমান নিস্তেজ হৈ পৰিছা?”— বুলি মোৰ জ্ঞানশূন্য মুখখনলৈ চাই বাৰে বাৰে সুধি আছিলা তুমি। তোমাৰ বুকুখনলৈ মোৰ বৰ হেঁপাহ আছিল নৈঋত। সেই বুকুতেই মূৰ গুঁজি মই হস্পিতাল পাইছিলোঁহি।

— ছায়া