পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যুগ পাতনি ৷ সমগ্র ভূ-মণ্ডল আৰু ভূ-মণ্ডপের অধিবাসী সকলো প্ৰকাৰৰ জীৱৰ ওপৰত নভোলতগত ঘূর্ণায়মান গ্রহাদিয়ে ধৰি যি অলৌকিক প্ৰভাৱ বিস্তাৰ কৰি আছে মাৰু থাকিব, সেই বিষয়ে প্রাচীন আৰ্যমহৰ্ষিসকলৰ কিঠোৰ সাধনালব্ধ প্রত্যক্ষসিদ্ধ জ্যোতিষ শাস্ত্রই চুড়ান্ত আৰু অভ্রান্ত প্রমান দিয়ে । সমগ্ৰ মানৱজাতিৰ ওপৰত নৱগ্ৰহ মণ্ডলীৰ যি প্ৰভাৱ তালৈ চাই গ্রহসমূহৰ প্ৰসন্নতা আৰু প্রতিকূলতাৰ বিধান সেই ত্রিকালবেত্তা মহর্ষি সকলেই কৰি থৈ গৈছে । অসীম প্রভাৱশালী মহাগ্রহ শনিৰ অলৌকিক ক্ষমতা সম্বন্ধে পুরাণ, মহাভাৰত আদি প্ৰাচীন হিন্দুশাস্ত্ৰত একাধিক কাহিণী পোৱা যায়। তাৰ ভিতৰত ভাৰতৰ পঞ্চম বেদ স্বরূপ হিন্দুজাতিৰ অন্যতম মহাকাব্য আৰু ধৰ্ম্ম- গ্ৰন্থ মহাভাৰতৰ বন পৰ্ব্বৰ শ্ৰবংস উপাখ্যানো এটি । এই উপাখ্যানটি ভক্তিভাৱে পাঠ বা শ্রৱণ কৰিলে শনি গ্ৰহৰ কু-দৃষ্টিজনিত দুখ-দুৰ্গতিৰ হাতসাৰি সংসাৰত মুখে- সম্পদে থাকিব পৰা যায় বুলি শাস্ত্ৰ বিশ্বাসী প্রত্যেক হিন্দুৰেই অটল বিশ্বাস। গতিকে সৰ্ব্বসাধাৰণ ৰাইজৰ সুবিধাৰ কাৰণে মূল কাশীদাসী মহাভাৰতৰ সহায় লৈ, বিবিধ পদ্য-ছন্দত এই পরিত্র শ্রীবৎস উপাখ্যানটি 'শনি- চৰিত' নাম দি পুথিৰ আকাৰে অসমীয়া ভাষাত ৰচনা কৰা হল। এই পুথিখনি ৰাইজৰ যৎকিঞ্চিত কামত আহি সহামুভূতিৰ সৃষ্টি কাব লিখকক উৎসাহ কৰিলে নিজৰ পৰিশ্ৰম সফল হোৱা বুলি লিথকে ভারিব। ইতি-৪ শাওন, ১৮৫৮ বিনীত- চক ।