পৃষ্ঠা:শনি চৰিত্ৰ.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কুঁহিমলা
 

সেই শৱ্দতে বুজায় সকলো
ভৱিষ্যত দিয়ে ভাঙি
সিহঁতৰ কথা নুবুজোঁ নুবুজোঁ।
মইয়ে কুকুৰী-কাণী।

তোৰ কথাতেই ভুলি থাকো মই
তোৰে লনি ৰূপ চাই;
বিশ্ব-ৰচোতাৰ বিপুল বিভূতি
সকলো পাহৰোঁ মই।

আদৰ মালতী নিচেই কুমলী
মোৰে ভৰি লাগি তাই,
লেউসেউ হই জাপ খাই ৰয়
পাপিনী পৰশ পাই।

সি বোৰ ভাৱনা নেভাবোঁ সমুলি  তই বহি বহি কতনো কৈছিলি
চঞ্চলা উত্তলা মই,   আজিও মনত পৰে
সিহেতু এতিয়া পালোঁ প্ৰতিফল  আকাশী ভাবনা গুণি গুণি তোৰ
নিজ হাতে হাতে হায়।   হিয়া মোৰ নিতে জ্বলে।