এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )
বাৰ বিবেচনা কৰিলে যে এক মাৰিলে নো
মোৰ কি লাভ হব। দ্বিতীয় বাৰতো ক্ষেমি,
আকৌ অযোধ্যাত থলে, ৰামচন্দ্ৰকো বেয়া
বুলিব নোয়াৰো কাৰণ সীতাৰ বাক্যত নিৰুস্মাহ
বাবে এই ঘটনা হই। ৰামে আকৌ ডাঙ্গ ডাঙ্গ
বীৰ ভালে মানেৰে আহি যুদ্ধ কৰিবলৈ আহিল।
ৰামেৰে এই কথা নেজানে সেইতো নহই মাত্ৰ
ঈশ্বৰৰ ইস্যা মত কাম। তৃতীয় বাৰ বিভীষণ
অঙ্গদ হনুমন্ত জাম্বৱন্ত সকলোৱে আহি যুদ্ধ
খোজাত সেই বাৰ শতস্কন্ধৰ নিজৰ মনক সহ্য
কৰিব নোৱাৰী! আগ পাচ একো বিচাৰ নকৰি
ৰাম লক্ষ্মণ আদি সকলো বীৰবোৰ গদাৰে কোবাই
মাৰি পেলালে। দেৱতাৰ বৰ পোৱা হনুমন্ত
নমৰিল মৰ ভাৱ যুৰি পৰি থাকিল, সকলোকে
নিধন কৰি নিজৰ ঘৰলৈ উলতি গল। ঈশ্বৰৰ
ইস্যা কোনে গুচাব পৰিশেষত, হনুমন্তৰ যি
বৃত্তান্ত আৰু শতস্কন্ধ কেনেকৈ মৰে তাক কোৱা
হব।
⸻⸻