এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম আৰু সীতাৰ কথোপকথন।
ৰাম।— প্ৰিয়া, মই তোমাৰ কাৰণেহে, ৰাৱণক, মাৰিলো। ৰাৱণক নমৰা হলে তুমি, কেতিআও, আহিব নোৱাৰা, এতি আও, লঙ্কাত থাকিলা হেতেন।
সীতা।— প্ৰভু আপোনাৰ কৃপাত, এই শ্ৰীচৰণ সেৱা কৰিবলৈ পালোঁ।
ৰাম।— বহুত পৰিযত্ন কৰিহে, মাৰিলো, অন্যেহলে কেতি আও, নো আৰে।
সীতা।— প্ৰভু আপুনি, মিছা কথা কৈছে। যাৰ হাতত, যিমৰিব লাগে, অৱশ্যে, মৰিব। ইন্দ্ৰজিতক, আপুনি কিয়, নেমাৰিলে, লক্ষ্মণে যে মাৰিলে, এই কথা মোৰ মনত, বৰ আশঙ্কা হৈছে, মোক উত্তৰ কক।
ৰাম।— তুমি স্ত্ৰী জাতি, একো নেজানা, মোমায়ে কাঠ কাতে, ময়ে পাণী যেন দেখে, ছোৱা চোন, মই ৰাৱণক, নমৰা হলে তুমি, কেনে কৈ আহিলা হেতেন, মই ৰাৱণক মাৰিবলৈ ক’ত, পৰি যত্ন কৰি, সাগৰত, সেতু বান্ধিলো, লঙ্কা নগৰ চৰ্ণ