পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫ )


ৰাম লক্ষণ দুই হৰি অৱতাৰ।
দেবীৰ কপটে মই ভৈলো বুণ্ডামাৰ॥
মোৰ সম জগতত জানো “আন” নাই।
কৈৰ শ্যামা ৰূপ ধৰি আসিলেক ঠাই॥
এহি বুলি জাম্প দিয়া গলত ধৰিলা।
যেন গিৰি শিখৰত ফৰিঙ্গ পৰিলা॥
শতস্কন্ধ মাংস সব কামুৰিয়া খাই।
সেহি তেজে ঘোৰ এক নদী বহিযাই॥
সাত দিন শতস্কন্ধ গাৱত আছয়।
ক্ৰোধানলে দেবীগাৱে শ্ৰুতি নপাৱয়॥
উৰ্দ্ধমুখে জাম্পদিয়া প্ৰকৃতি ফুৰই।
দেৱতাগণৰ মধ্যে প্ৰলয় মিলই॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কুবেৰ প্ৰভৃতি।
আসিল সমস্ত ঋষিগণ, নিগদতি॥
সৃষ্টি নষ্ট যায় সসাগৰা বসুমতী।
সবে কহে বিষ্ণু আগে কৰিয়া প্ৰণতি॥
বিষ্ণু বোলে ব্ৰহ্মা শুনা মোহোৰ বচন।
জীৱায়ো সত্বৰ কৰি ৰাম যে লক্ষ্মণ॥
পাছে ব্ৰহ্মা ৰাঘৱত স্তুতি আৰম্ভিলা।
সমস্তে সংসাৰ প্ৰভু কটাক্ষে স্ৰজিলা॥
জীৱন মৰণ তযু কিছু নাহি কয়।
অগতিৰ গতি তুমি দেৱ কৃপাময়।