পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১ )


মৃতকৰ বেশে বায়ুসুত আছে পৰি।
জানো শতস্কন্ধ পাপি মোক নেই ধৰি॥
অসুৰ চলিয়া পাছে নিজ গৃহে গৈলা।
চাপ চোপ কৰি হনুমন্ত যে উঠিলা॥
ৰামক বিচাৰি পাইলা সৈন্যৰ মাজত।
পড়ি আছে দুই ভাই মৰা যেন মত॥
পাৱে পৰি হনুমন্তে কৰন্ত বিলাপ।
কৈক গৈলা প্ৰাণ প্ৰভু জগতৰ বাপ॥
দেখা সামাজিক কেন লীলা গোবিন্দৰ।
আপুনি মৰিলা কথা ৰাখিলা সীতাৰ॥
ভকতবৎসল তুমি জানিবাহা সাৰ।
বোলা ৰাম হৰি হোৱা সংসাৰৰ পাৰ॥

⸻⸻

হনুমানৰ বিলাপ।

খন্দ-লেছাৱি।

বৈকুণ্ঠৰ পৰা আইলা দেৱ,   নাহিকেৱ,
তোমাত বিনাই দেৱ নাহি নাহি আন।
লক্ষীৰ নায়ক তুমি হৰি,   আচাপৰি,
জগত জীৱন কৰিয়োক পৰিত্ৰাণ॥
ৰাৱণক মাৰি সীতা আনি,   চক্ৰপাণী,
অযোধ্যাত ৰাজা হৈয়া আছা কতকাল।