পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )


শতস্কন্ধে বোলে জানো তোমাৰ প্ৰতাপ।
ৰাৱণক মাৰি তুমি আনিলা সীতাক॥
নোহোতিৰী চোৰ দশ মূৰীয়া ৰাৱণ।
আমা সাৰ সঙ্গে তুমি কিক কৰা ৰণ॥
আপোনা নগৰে চলি যাহ ৰঙ্গ কৰি।
আপোনাক ৰাখি যাহ ইহাত নমৰি॥
ৰামে বোলে কপট চাৰিয়া দেহ ৰণ।
যুদ্ধ অভিলাষে আইলো তোমাৰ ভবন॥
শতস্কন্ধে হাসি হাত খান মেলি দিলা।
ৰথে ধৰি তৈৰ পৰা অযোধ্যাত থৈলা॥
পাছে ৰামে পাইল দেখা আপোন নগৰ।
অদ্ভূত দেখিয়া কৰ্ম্ম ভৈল থৰমৰ॥
লক্ষ্মণক বোলে বাপু হেলা পৰিহৰ।
ৰথধ্বজ সেনাগণ আনা বহুত্বৰ॥
ৰামৰ আদেশে সেনা অনেক আনিলা।
দুই মাস পথ যুৰি সেনায়ো লৰিলা॥
পুনৰপি দুইৰো আগে বুলিলা বচন।
শীঘ্ৰে যুদ্ধ দেহ পুনৰপি কৰোঁ ৰণ॥
আসি দ্বাৰি ৰাজাত কহিলা কথা যত।
বাজ ভৈল শতস্কন্ধ সচল পৰ্ব্বত॥
হাসি বোলে কিনো তুমি পৰম দন্দুৰ।
নাহিকয় চক্ষু তোৰ দেখোঁ দুৰাচাৰ॥