পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
চতুৰ্থ স্কন্ধ।

দূঃখ দেখি শুক্ৰমতা অভয় দিলন্ত৷
সকলে দানব তৈতে পলাই ৰৈলন্ত॥


শুক্ৰমাতাৰ প্ৰবোধ॥*॥

ও বিষ্ণু কৰ্তৃক মস্তক ছেদন।
শুক্ৰমাতা কহে দৈত্য ভয় নকৰিবা৷
আমাসাৰ গৃহেসবে নিৰ্ভয়ে থাকিবা॥
নিৰ্ভয় লভিয়া সবে তথাতে ৰহিল৷
অস্ত্ৰ শস্ত্ৰ সম্ভ্ৰম বিহীন দৈত্যবল॥
দেবতা দেখিল দৈত্য শৰণে পশিল।
তৈতেবলা কোৰ কৰিবাক খেদিগৈল॥
দেবে যেবে খেদিপালে অসুৰ দলক।
বধিবাক লাগি পাচে ভৈলন্ত উদ্যোগ॥
শুক্ৰমাতা কহে বাপু দৈত্য নামাৰিবা।
দিয়াছো অভয়দান মোহোক মানিবা॥
নিবাৰিল শুক্ৰ বুড়ি তবু নুশুনিল।
তাহান আশ্ৰমে দৈত্য বধিবে লাগিল॥
অসুৰ নিধন দেখি তেবে শুক্ৰ আই।
দেবতাক প্ৰতি ক্ৰোধ অগনি উধাই॥