পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
চতুৰ্থ স্কন্ধ।

যত মানে দেবচয় মোহোৰ ৰক্ষিত।
এত চিন্তি শুক্ৰ প্ৰতি কহে ভূত নাথ॥
সহস্ৰ বৰিষ কৰ সুদাৰুণ ব্ৰত।
কৰ্ণে শিৰে ধূম যেবে হুইবে নিৰ্গত॥
মন্ত্ৰ লভিবাক তেবে সমৰ্থ হুইবা।
মতু মোৰ স্থানে শুক্ৰ মন্ত্ৰ নপাইবা॥
যেহি আজ্ঞা বুলি গুৰু হৰে প্ৰণামিল।
আচৰিব ব্ৰত দেব যেন আজ্ঞা ভৈল॥
ব্যাস কহে শুক্ৰ পাছে শিব আজ্ঞা পাই।
আৰম্ভিল ব্ৰত তৈত ধুম্ৰ পান খাই॥
দেবতা শুনিল কাব্য তপ আচৰন্ত।
দৈত্য সবো ভৈল অহঙ্কাৰী অবিৰত॥
সৰ্ব্বদেব মিলি পাচে ৰিম ৰিষি চাইল।
পুন যুদ্ধ কৰিবাক উদ্যোগ কৰিল॥
যথাত আছন্ত দৈত্য সব মহাবল।
যুদ্ধ সাব্জি দেবগণো দৈত্য খেদিগৈল॥
অস্ত্ৰ ধাৰী দেবসেনা সন্নাহা ভূষিত।
পুচন্ত দানবে দেখি হুই ভয়ভীত॥
পূৰ্ব্বে অস্ত্ৰ ত্যাগি যোগ ব্ৰত আচৰিলো।
আমাৰ গুৰুয়ো মহা ব্ৰত আৰম্ভিল॥