পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
শ্ৰীশ্ৰীদেবী ভাগবত

হেনৰূপে দৈত্য তেবে আশ্ৰয় লভিল।
চৰমুখে বাৰ্ত্তা পাচে দেবৰাজে পাইল॥
দেবতাক মাতি আনি মিমাংসা কৰয়।
দৈত্য সবে শুক্ৰস্থানে লভিছে আশ্ৰয়॥
শুক্ৰ মন্ত্ৰ প্ৰভাবে আমাৰ মন্ত্ৰ মান।
ব্যৰ্থ কৰি বণে জয় লভিবে এখণ॥
এতেকতে মন্ত্ৰ নৌউ প্ৰদান কৰিতে।
যুদ্ধকৰি আগে বধ কৰিবো নিশ্চিতে॥
পাতালে নপাঞ্চি বধ কাৰ্য্যসে বিশিষ্ট।
আগে মাৰি পেশো পৰে মন্ত্ৰ নৌক দৈত্য॥
এতকহি দৈত্য বধিবাক দেব সবে।
অস্ত্ৰ সন্ত্ৰ লইযুদ্ধে খেদিগৈল তেবে॥
বিষ্ণু সমে দেবগণ দানবক ধাইল।
ভয়ে পাছে দৈত্য সবভাগি পলাইল॥
শুক্ৰত শৰণ লৈল ৰাখা ৰাখা বুলি।
তুমি নৰাখিলে দেব মৰিলো সমুলি॥
মহাবলী দেবেপীড়া কৰন্ত দৈত্যক।
দিলন্ত নিৰ্ভয় শুক্ৰ শুনিদৈত্য বাক॥
মহৌষধি বলে দেব হুইবে পৰাজয়।
আমি বৰ্তমানে দৈত্য কেনেকৰা ভয়॥