পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
চতুৰ্থ স্কন্ধ।

দেবমানে সহস্ৰ বৰ্ষি যুদ্ধ কৈল।
যুদ্ধলাগি শাস্তিষখ সমস্ত ত্যাগিল॥
কোনহেতু দৈত্যপাতি সমতান ভৈল।
বিষ্ণুভক্ত প্ৰহলাদ কি হেতু নপাৰিল॥
যুদ্ধৰ কাৰণ দেব কহা বিস্তাৰিয়া।
কাৰণ উদ্ভব হয় কাৰ্য্যক লাগিয়া॥
কামিনী নিমিত্তে কাৰ্য্য স্বৰ্ণ আভৰণ।
কামিনী সুহিলে মোহে তাহাৰ কাৰণ॥
কোনহেতু যুদ্ধ কাম ভৈলন্ত তাহাৰ।
কোনৰূপ তপস্যা কৰিছে মুনিবৰ॥
মোক্ষ কিম্বা পৰকাল সুখভোগ লাগি
অথবা কৰম্ভ তপ সৰ্ব্বফল ভাগি॥
শুদ্ধশান্ত মুনি কিনো মহফিল পাইল।
তপসী মহন্ত যুদ্ধে দেহ ফ্লেশ দিল॥
দিব্যবৰ্ধ সহস্ৰ কৰিল শ্ৰম ক্লেশ।
ৰাজ্য ধন দাৰা গৃহ একো নাই আশ॥
নিৰীহ পুৰুষ কেনে হেনযুদ্ধ কৈল।
ধৰ্ম্মবুজি তবু হেন দুঃখ আচৰিল॥
সুবুদ্ধি পুৰুষে সুখ প্ৰাপ্তিকাৰ্য্য কৰে।
ধৰ্ম্মজ্ঞ পণ্ডিতে দুঃখ কাৰ্য্য নাই ধৰে॥