পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
শ্ৰীশ্ৰীদেবী ভাগৱত।

ধনুৰ্ব্বাণ সিংহ নাদ অস্ত্ৰৰ তৰ্জ্জন।
মহা প্ৰলয়ৰ যেন বলাহ গৰ্জ্জন॥
এহি ৰূপে কতো কাল যুদ্ধ ভয়ঙ্কৰ।
প্ৰহ্লাদৰ চিত্ৰক লভিলা মুনিবৰ॥
তীক্ষ্ণ অস্ত্ৰ মাৰি তাৰ ধনুক ছেদিল।
একবাণে ধনু কাটি দুখণ্ড কৰিল॥
কটা ধনু ফেলি বীৰ আন ধনু লৈল।
ক্ষুৰপতি বাণে সিয়ো ধনুক ছেদিল॥
পুন ৰপি আন ধনু লৈল দৈত্য পতি।
শিলিমুখ বাণে কাটি লন্ত শীঘ্ৰ গতি॥
পুন ৰপি আন ধনু লইল প্ৰহ্লাদ৷
নতুগুণ লগাস্তে তাহাকে৷ কৈল ছেদ॥
এহি ৰূপে প্ৰহ্লাদে যতেক ধনুলয়৷
তিল তিল কৰি কাটে ধৰ্ম্মৰ তনয়॥
বক্ষ পাটা কাটি তনু ভৈল ছাকা ছাকা৷
বোম্বালে ৰুধিৰ বহি যাই দেহ থাকা॥
অসংখ্যাত ধনু লৈল সমস্ত ছেদিল৷
কবচ কাটিল তনু উদাস হুইল॥
বিষ্ণু ভক্তবুলি অহঙ্কাৰ ছিল মনে।
তপসীৰ গৰিহণা কৰিছে যেখনে॥