পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
চতুৰ্থ স্কন্ধ

দৈখি দেব জগতনু,  টঙ্কাৰি সাৰঙ্গ ধনু,
 দিব্য অস্ত্ৰ কৰিল সন্ধান।
প্ৰহলাদৰ অস্ত্ৰমান,  নিমিষে কৰিল চন্ন,
 দশোদিগ ভৈল সুপ্ৰ সন্ন॥

অথ মহা যুদ্ধ আৰম্ভ॥
পদ।

তীখাল বিষাল অস্ত্ৰ সনাইত সুচিত।
অন্ধকাৰ কৰি নাৰায়ণে প্ৰহাৰন্ত॥
বিষম অস্ত্ৰৰ জাল যেন কাল ব্যাল।
শৰে শৰে দৈত্য পতি ভৈলন্ত বিকল॥
বিচেষ্ট বিহ্বল দেহ ঘৰ্ম্ম নিজৰিল।
তথাপিতো ৰৈল যেন পৰ্ব্বত অচল॥
কতোক্ষণে স্থিৰ লভি ধনুক টানিল।
অন্ধকাৰ কৰি অঙ্ক বৰষিবে লৈল॥
কাটন ফুটন শিলি মুখ ঝাকে ঝাক।
ধৰ্ম্মসুতে নিজ অস্ত্ৰে কাটিল সবাক॥
পুনৰপি দৈত্য পতি কৰিল প্ৰহাৰ।
নিমিষতে নাৰায়ণে কৰিল সংহাৰ॥
(