পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
শ্ৰীশ্ৰীদেবীভাগবত।

কিকাৰণে জটাভাৰ কেনে শুদ্ধ ভাব।
বিড়ম্বনা ধৰ্ম্ম মাত্ৰ কৰ তুমি সব॥

নৰৰ উত্তৰ॥
পদ।

ব্যাস কহে শুনা নৃপ পাচে যেনে ভৈল।
প্ৰহলাদৰ বাক্য শুনি নৰে উত্তৰিল॥
মোৰা ভণ্ডতপী ৰাজা তোমাৰ কি চিন্তা।
যাৰ যত শক্তি সাধ্য অবশ্য বিহিতা॥
আমি দুই কাৰ্য্যে পথ অবশ্য মানিছো।
পৰগ্লানি পৰহিংসা ধৰ্ম্মে প্ৰবৰ্ত্তিছো॥
তপস্বী সমৰ্থ যুদ্ধে তুমি কিকৰিবা।
নায্য পথে চল বিকৰ্থনা নকৰিবা॥
দুৰ্ব্বাৰ ব্ৰাহ্মণ তেজ বেদৰিমোহিত।
বিপ্ৰ চৰ্চ্ছা কৰা নোহে তোমাৰ যুগুত॥
আপোন মঙ্গল যিটো বাঞ্চে দৈত্য ৰাজ।
নকৰে ব্ৰাহ্মণ চৰ্চ্ছা অবিহিত কায়॥