পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
চতুৰ্থস্কন্ধ।

কৈৰ পৰা ইটো সব অস্ত্ৰ পৰিছয়।
মনে মনে দৈত্যেশ্বৰ ভাবনা কৰয়॥
পৰম পবিত্ৰ তীৰ্থে ঋষিৰ আশ্ৰমে।
কৈৰ ইটো অস্ত্ৰ সব পৰে অনুক্ৰমে॥
এতেক ভাবিতে ৰাজা আগতে দেখিল।
মলীনা লাঙ্গুতী পিন্ধ৷ দীৰ্ঘ জটা জাল॥
হাতে ধনু পৃষ্ঠে তুন গোধিকা সহিত।
ধৰ্ম্মসুত নৰ ঋষি আসন্ত তথাত॥
ধ্যানেমগ্ন ছিল তৈত নৰ নাৰায়ণ।
সাৰঙ্গ ধৰিয়া নৰে আসিল তখন॥
দেখিলন্ত ধৰ্ম্ম সুতে দৈত্যৰ নায়ক।
ক্ৰোধে ৰক্ত বৰ্ণ আখি বুলি লন্ত বাৰু॥
তুমি ধৰ্ম্মবস্তু কেনে দম্ভ ভাবধৰ।
হিংসা ধৰ্ম্ম অনুচিত মহন্ত জনৰ॥
কৈতো নাহি দেখি শুনি সংসাৰ ভিতৰে।
তপসীৰ আচৰণ ধনুৰ্ব্বান ধৰে॥
সত্যত নিসিদ্ধ যিটো কলিত কিৰূপ।
তপসী বামনে ধনু ধৰে অপৰূপ॥
ব্ৰাহ্মণৰ ধৰ্ম্ম তপ জপ যোগ ধ্যান।
তাক এৰি কৰে কিয় ধনুক ধাৰণ॥