পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
চতুৰ্থ স্কন্ধ


তীৰ্থৰ বৃত্তান্ত মুনি কহিয়ো বিস্তৰি।
শুনিবাক বাঞ্চা কৰো আমি কৰ্ণভৰি॥
চ্যবন বদতি ৰাজা মন যাৰ শুদ্ধ।
জানিবাহা সিজনৰ তীৰ্থ পদে পদ॥
মনৰ মলিল ভৈলে গঙ্গা পোক হ্ৰদ।
মন শুদ্ধি কৰি হইবে পাপত বিৰত॥
পাপ বিব ৰ্জ্জিত মল যেবে শুদ্ধ হইবে।
তেবে সৰ্ব্ব তীৰ্থে ৰায় পুন্য ফল পাইবে॥
গঙ্গা তীৰে সৰ্ব্বজাতি কৰন্ত বসতি।
হেন ম্লেচ্ছ যবনৰ হয় গ্ৰাস বান্ধি॥
চণ্ডাল কৈবৰ্ত্ত হেন বঙ্গম্লেচ্ছ দৈত্য।
ব্ৰহ্ম ময় গঙ্গোদক সকলে পিবন্ত॥
তিনি সন্ধ্যা স্নান কৰে আপোনাৰ মনে।
নাহি কয় মনশুদ্ধি তৈতো কোন জনে॥
বিষয়ে আশক্ত সি সবাৰ কিবাফল। []
নিষ্কলুষ মন হয় তীৰ্থ ফলা ফল॥
মন শুদ্ধি কৰি সদা শুদ্ধ ভাবে ৰহে।
তেবেসে তীৰ্থৰ ফল প্ৰাপ্ত হয় দেহে॥


  1. কলুষ বিহীন মন।