পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
চতুৰ্থ স্কন্ধ॥

নাগ কন্যা গণো আসি মুনিক পূজিল।
তৈৰ পৰা নিয়া দানবৰ পূৰে থৈল॥
এক দিনা ভৃগুম্বুতে নগৰ ভ্ৰমন্তে।
প্ৰহ্লাদৰ সঙ্গে দেখা ভৈলন্ত তহিতে॥
ভকত বৎসল দৈত্যপতি মহাৰাজ৷
মুনি দেখি ভক্তি ভাবে কৰিলন্ত পূজা॥
কিহেতু পাতালে দেব কৈলা আগমণ।
ইন্দ্ৰ কিম্বা দূত কৰি পাঞ্চিল ব্ৰাহ্মণ॥
দানবৰ দ্ৰোহী ইন্দ্ৰ সদা হিংসাকৰে।
মোৰ ৰাজ্য পৰীক্ষিবে পাঞ্চিল তোমাৰে॥
সত্য কহ দ্বিজবৰ কাৰণ তোমাৰ।
এত বুলি প্ৰহ্লাদে পুচিলা কৰি দৃঢ়॥

চ্যবনৰ উত্তৰ॥

চ্যবন বদতি নৃপ কিকৈবো তোমাত।
নোহো মই ইন্দ্ৰদূত মানিয়ো সঞ্জাত॥
আমি ভৃগু পুত্ৰ ৰাজা স্বধৰ্ম্মে বিহৰো।
কোন হেতু দেবতাৰ দৌত্য কাৰ্য্য কৰো॥
 * ৬ *