পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
চতুৰ্থ ঙ্কন্ধ।

জন্মে জয় বোলে যিটো মোহ তিয়াগিল।
ধন্য সিটো পুন্যবস্তু জগত জিনিল॥
পিতাৰ দুৰ্নাম পাপ মোৰ মনে জাগে।
অদোষে তপসী গলে মৰা শাপ দাগে॥
মোহোৰ আগতে তান কিনো দশা ভৈল।
মোহে বুদ্ধি ভ্ৰট ভবিষ্যত নাজানিল॥
মধু কেসে দেখে লোকে পতন নেদেখে।
কৰন্ত গৰ্হিত কাম নৰক নাপেখে॥
প্ৰহলাদ সহিত নৰ নাৰায়ণ যুদ্ধ।
কহা বিস্তৰিয়া পূৰ্ব্বে কিহেতু ভৈলন্ত।
পাতালৰ হন্তে কেনে প্ৰহলাদ আসিল।
সৰস্বতী তীৰ্থে বদৰিকা শ্ৰম পাইল॥
যৈত নৰ নাৰায়ণ তাপস উত্তম।
কৰন্ত দাৰুণ তপ সহিয়ে সশ্ৰম॥
বিত্ত অৰ্থে দাৰা অৰ্থে বৈৰী ভাব কিসে॥
ইটো দুই বিনে যুদ্ধ নঘটে সহজে॥
সনাতন ভক্ত দৈত্য ধৰ্ম্মত্মা প্ৰহলাদ।
কোন হেতু মুনি সমে ঘটিল বিবাদ॥
ইসব বিস্তৰি দেব কহিয়ো বুজাই।
কাৰণ শুনিবে বাঞ্চা কৰো মুনি ৰায়॥