এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শ্ৰীশ্ৰীদেবী ভাগৱত।
শান্ত মতি বিষ্ণু ভক্ত কেনে যুদ্ধ কৈল।
আদি নৰ নাৰায়ণ কিহেতু যুজিল॥
শুদ্ধ শান্ত ধৰ্ম্ম পুত্ৰ দুজন তপসী।
দৈত্য সমে কিৰূপে ভৈলন্ত ৰাগদ্বেষী॥
প্ৰহলাদো ধৰ্ম্মাত্মা জ্ঞানবান বিষ্ণু ভক্ত।
নৰ নাৰায়ণো আদি ঋষি ধৰ্ম্মৱম্ভ॥
হেনস্থলে দুইৰো যদি বৈৰতা বাঢ়িল।
তপসীৰ ধৰ্ম্ম তেবে ভ্ৰান্তিসে কেবল॥
তপসী হইয়ো যদি ক্ৰোধ নুগুছিল।
সত্য যুগে কিবা তেবে তপ জপ ফল॥
অহঙ্কাৰ বিনে নোহে হিংসা ক্ৰোধ ধৰ্ম্ম।
অহঙ্কাৰে অঙ্কুৰিত লোভ কাম মৰ্ম্ম॥
কোটি বৰ্ষ উগ্ৰ তপ কৰে আচৰণ।
তিলেকতে অহঙ্কাৰে সব কৰে চুৰ্ণ॥
অল্প কথা লাগি গুৰু লগঈলা কষ্ট ।
যি কৰিলা ইটো মানে সবে ভৈল ভ্ৰষ্ট॥
সূৰ্য্যৰ উদয়ে যেন আন্ধাৰ নাথাকে।
অহঙ্কাৰ পোখাইলো পুন্য নাহি থাকে॥
প্ৰহ্লাদো মহন্ত আতি হৰি সমতুল।
যি কৰিলা সদকৃত্য গৈল ৰসাতল॥