এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
শ্ৰীশ্ৰীদেবী ভাগবত।
সংসাৰ বৃক্ষৰ মূল ইটে। অহঙ্কাৰ।
তাত ভয়ে বন মধ্যে কৈলো পয়োসাৰ॥
তাতো আসি দেব নটী দুঃখকাৰী ভৈল।
ধৰ্ম্ম ক্ষয় কৰি ময়ে৷ এক নিৰ্ম্মাইলো॥
সিজনে৷ কামুকী দেখে৷ কামসে চেঞ্চাই।
নিজে জাল পাতি তাতে নিজে পৰোগই।
মকৰা বিনাই জাল তাতে ঘুৰি ফুৰে।
নিজ জালে বন্দী ভৈলে৷ কিহইবে পৰে।
মানসে জন্মাইলে৷ হন্তে মতি হোৱে শান্ত
শাপি স্বৰ্গ নটী সবে ভঙ্গাই খেদিলন্ত।
জীবন্মুক্ত হুই তপ কৰিছে৷ নিৰ্জ্জনে।
ক্ৰোধত হু সৃজিলো এক দেব নাৰী কামে॥
এতেকতে ইয়ো মোৰ গলগ্ৰহ ভৈল৷
আমতে ফৰ্মুটী ৰৈল আমে৷ নসৰিল॥
ব্যস দেব কহে ৰাজ। নাৰায়ণ গুনি।
বিম ৰ্ষ ভৈলন্ত লাগি ভাবনি গুণনি॥
দ্বিতীয় পৰম শত্ৰু ক্ৰোধ দুৰাচাৰ।
কামতে৷ অধিক ইটো লৈাভতো দুৰ্ব্বাৰ॥
জীবৰ পৰম শত্ৰু নৰক অধম।
ক্ৰোধ চণ্ডালত কৰে প্ৰাণ বিঘাটন॥