পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শ্ৰী শ্ৰীদেবী ভাগৱত।

মহাতীক্ষ্ণ কামবান,  বিন্ধিছে আমাৰ প্ৰাণ
 কোনস্ত্ৰী নাপাই মনে ব্যথা।
জানি তোমা নৰহৰি,  বিষ্ণু অংশে অবতৰি
 তুমি মাত্ৰ কামাণল হৰ্ত্তা॥
নাহি আন একোকাম,  সোবালাগি তযুস্থান
 আইলো দেব ইন্দ্ৰ আদেশিল।
দহে মদনৰ বাণে, ৰক্ষা কৰা নাৰীগণে,
 স্মৰশৰে হুইছে বিকল॥
সঞ্চিত কৰ্ম্মৰ ফল,  ভাগে তযুদেখা ভৈল,
 নহি বুজো তোমাৰ চৰিত।
দাসী বুলি ক্ষমা দোষ  মদনে কৰিছে গ্ৰাস
 মুক্ত কৰা কাম অগণিত॥
পৰম-মহন্ত জন  তপসী জ্ঞাণী উত্তম
 যাচিতক শাপ নাহি দিয়ে।
শাপ ফল অতি তুচ্ছ  নোহে তপসীৰ কাৰ্য্য
 এতেকতে অন্যায় নকৰে॥