এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
শ্ৰীশ্ৰীদেবী ভাগৱত।
এহিৰূপে বাৰম্বাৰ যাচে সচীপতি।
নোখোজন্ত বৰ মনি ধ্যানে স্থিৰ মতি॥
তাত পাছে বিভিসিকা দৰ্শাইবে লাগিল।
মায়া কৰি সিংহ ব্যাঘ্ৰ সৰ্প শ্বান ভৈল॥
অগ্নিৰূপ বাত বৃষ্টি শিলা খোলা বৰ্ষে।
নানামায়া কৰি ভয় দেখাই আসৰিস॥
ভয় নাহি জানে ধৰ্ম্মসুত ধ্যানে মগ্ন।
ভাগ বিভাগিল ইন্দ্ৰ আপোন ভবন॥
বৰ আশা নাহি ভয় নাহি বহ্ণি বাতে।
সিংহ ব্যাঘ্ৰ বিভিসিকা একো নাহি খাটে॥
তপ ভঙ্গ কৰে তাঙ্ক কাৰ হুইবে শক্তি।
এত ভাবি দেব ৰাজ চিন্তাতুৰ আতি॥
মূল শক্তি মহাবিদ্যা ব্ৰহ্মাণ্ড ঈশ্বৰী।
তাহাঙ্ক তপস্যা কৰে ধ্যান নিষ্ঠ কৰি॥
ভয়ে লোভে কোনে তাক চলিবে পাৰয়।
মোৰ যায়া জালে তাক কিমতে লাৰয়॥
যিটো জন সমস্ত মায়াৰ আদি মূল।
কাৰ শক্তি বাঢ়ে তাঙ্ক সেবিছে নিৰ্ম্মল॥
মায়া বশে ভুলি ইন্দ্ৰ মনে বিচাৰিল।
স্ত্ৰীমায়া লগাই তাই চলিবে হইল॥