পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০০
চতুৰ্থ স্কন্ধ

যুগ্মহট্ট নামত নগৰ অনুপাম।
ভোগ দধি নদী তীৰে ব্ৰহ্ম পুৰ গ্ৰাম্॥
কৌষিকৰ কুলে জাত ঠাকুৰ বংশত।
নিৰপেক্ষী দেবদ্বিজ গুৰুপদে ৰত॥
দৰিদ্ৰ গোপাল ভণে এড়া আনকাম।
পাতেক চাড়োক ডাকি বোলা ৰাম ৰাম॥

কৰম বৃক্ষৰ,   শকতি অপাৰ
 প্ৰবৃত্তি নিবৃত্তি ফল।
অগাধ পানীতে,   পৰিতল গৈল,
 সিচিলে নপৰে তল॥
কেবলা ভকতে,   পিলে ঘটে ঘটে,
 মুচৰি ছিঙ্গিলে লাই।
সন্তে মহন্তে,   যাই সেহিপথে,
 দীন গোপাল দেৱে গাই॥