পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৯
শ্ৰীদেবীভাগৱত

সৰ্ব্বশাস্ত্ৰ মূল ইটো মুখ্য ভাগবত।
পদে পদে অশ্বমেধ ফল অবিৰত॥
বটপত্ৰ বাসী বিষ্ণু কহিল ব্ৰহ্মাৰ।
শতকোটি শ্লোকে ব্ৰহ্মা নিবন্ধিলে তাক॥
সকলৰ সাৰ ব্যাস একত্ৰ কৰিল।
অষ্টাদশ সহস্ৰ শ্লোকত নিবন্ধিল॥
সপূৰ্ণ দ্বাদশ স্কন্ধ বিভাগ কৰিয়া।
জন্মেজয় আগে পূৰ্ব্বে কলি ভাঙ্গিয়া॥
নিত্যে ইটো ভাগবত যিজনে শুনয়।
কদাচিতো কোনোকালে দুঃখ নাহিহয়॥
অপুত্ৰৰ পুত্ৰ হোৱে নিধনীৰ ধন।
বন্ধ্যাজনে পুত্ৰলভে বন্ধ বিমোচন॥
যাৰ ঘৰে ইটো পুথি থাপনা কৰয়।
ভক্তি ভাবে পুজা পাঠ বন্দন কৰয়॥
লক্ষী সৰস্বতী তাৰ ঘৰ নাহি এৰে।
বেতাল ডাকিনী ভূত জ্বৰে নাহিধৰে॥
ইহলোকে সৰ্ব্বফল হাতেহাতে পায়।
অন্তিমে বিমানে চড়ি দেবী পূৰে যায়॥
এতেকতে সবে চতুৰ্ব্বৰ্গ ফল লাগি।
ভজাসবে গুলশক্তি পদ অনুৰাগি॥