পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৪
চতুৰ্থ স্কন্ধ।

প্ৰতি ব্ৰহ্মাণ্ডত যত দেব দেবী আছে।
তাতে থাকি সৰ্ব্বদায়ে দেৱী আৰাধিছে॥
সপ্ত কোটি মহা মন্ত্ৰ তথাতে আছন্ত।
মহা বিদ্যা পৰা শক্তি তথা বিৰাজন্ত॥
ব্ৰহ্মাৰ বিগ্ৰহ সবে মায়াৰ আকাৰ।
সৃষ্টি লাগি মায়াময় ব্ৰহ্মান্ত প্ৰকাৰ॥
কোটি কোটি চন্দ্ৰ সূৰ্য্য বিদ্যুতিকা ৰস্মী।
মণি দ্বীপ কোটি অংশ নোহে নৃপমণি॥
কতো ৰস্মী মৰকত কতো দ্ৰুমঅম্ভা।
কতো বিদ্য তিকাযেন কতো ৰবি প্ৰভা॥
কতো ৰশ্মী কোটি কোটি বিজুলী খেলনা
কতো নীল হিন্দুৰ মানিক্য শশী ফণা॥
কতো ব্ৰহ্ম হীৰা সাৰ কৰে জলমল।
জল ভ্ৰমে স্থলকে মানয় যেনে জল॥
কতো অগ্নি বৰ্ণ তপ্ত কাঞ্চণ সন্নিভ।
কতো চন্দ্ৰ সূৰ্য্য জ্যোতি দৃষ্টিহয় ক্ষোভ॥
ৰত্নৰে পৰীখাগঢ় ৰত্নৰে কপাট।
ৰত্ন পত্ৰ পুষ্প ফল ৰত্ন বৃক্ষ যত॥
শোভিত কৰিছে পূৰী বেঢ়ি চতুৰ্দ্দিশে।
শুক সাৰী কোকিল বিহৰে ঝাকে॥