পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯০
চতুৰ্থ স্কন্ধ।

কুঙ্কুম কস্তুৰী ভালে তীলক শোভন।
তাহাৰ উজ্জ্বলে উদ্ভাসিছে পদ্মানন॥
চন্দ্ৰসূৰ্য্য জিনি শিৰে মুকুট উজ্বল।
চুড়ামণি সমেঅতি শয়জল মল॥
মধ্যাহৃ ভস্কিৰ নাক ফুল মনোহৰ
গজ মুকুতীয়ে দুলি আছে নঠবৰ॥
কুঙ্কুম কস্তুৰী পক্ষ মাখস্তন যুগ।
বিচিত্ৰ বিবিধ কল্প মেখবৰ্ণ কেশ॥
পক দাড়িম্বৰ বীজ শুভ্ৰ দত্ত পান্তি।
মধুভ্ৰমে মুখেপৰি অলিকৰে কান্তি॥
নিস্কলঙ্ক শৰত পূৰ্ণিমা সুবদন।
গঙ্গাৰ আবৰ্ত্তে যেন চন্দ্ৰৰ কিৰণ॥
মানিক্য অঙ্গুৰী সৰ্ব্ব আঙ্গুলে শোভিত।
কিশোল পুণ্ডৰী পত্ৰ বিনান্দি ত্ৰিনেত্ৰ॥
মনসা কল্পিত মহা ৰত্নপদ্ম ৰাগ।
কনজুন ৰতন কঙ্কন মহা ভাগ॥
হীৰামণি বিখছিত শ্ৰীবৎসৰ পান্তি।
গজমতি সমেউৰ স্থলে কৰে কান্তি॥
কবৰী বেষ্টিত মালতীৰ মালাশোভা।
ৰতন পখিলা শিৰে কোটিসূৰ্য্য প্ৰভা॥