পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৭
শ্রীদেবীভাগৱত ।

সাত কোটি মহা মন্ত্ৰ দেবতা থাকয়।
সিসবৰ হুক্ষা অংশ জগতে বৰ্ত্তয়॥
নবৰত্ন সাল অগ্ৰে ছিন্তামণি গৃহ।
সূৰ্য্য মণি চন্দ্ৰ মণি প্ৰস্তৰে নিৰ্ম্মিত
বিজুলী সমান প্ৰভা স্তম্ভ কোটি শত।
জ্যোতি প্ৰভ৷ মধ্যে যিটো বস্তু মনোদৃশ্য॥
সেহি প্ৰভাশালী জোতিৰ্ম্ময় পুৰ বৰ্ষ্য।

দেবী পুৰী বৰ্ণন।
পদ।

ব্যাসনি গদতি ৰাজা শুনা আৰু তত্ব।
সৰ্ব্ব মধ্যে দেবী গৃহ আছে বিৰাজিত॥
চাৰিটী মণ্ডপ সবে ৰত্নৰ নিৰ্ম্মিত।
সহশ্ৰেক ৰত্ন স্তম্ভ প্ৰতি মণ্ডপত॥
শৃঙ্গাৰ মণ্ডপ এক মুকুতি মণ্ডপ।
একান্ত মণ্ডপ আৰু জ্ঞানৰ মণ্ডপ॥
নানাগন্ধে আমোদিত নানা ধুপ গন্ধ।
এক কোটি সূৰ্য্য যেনে প্ৰকাশ কৰন্ত॥