পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৬
চতুৰ্থ স্তন্ধ ৷

প্ৰতি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা বিষ্ণু আদিযত।
সমষ্টি স্বৰূপে তৈতে ঈশ্বৰী সেবন্ত॥
মৰকত অগ্ৰে প্ৰবালৰ মহাপূৰী।
দীবলে আছয় শত যোজনক যুৰি॥
প্ৰভাতী তপন জিনি অতিৰক্ত প্ৰভা।
মধ্য স্থান গৃহ দৰ্জা সেহিৰূপে আভা॥
তাতে পঞ্চ ভূত অধিকাৰী জন বসে।
দ্ধল্লেখা গগনা ৰক্তা কৰালী মৎচুচুসে॥
বিচিত্ৰ ভূষণা পাশ অঙ্কুশ ধাৰিণী।
চতুৰ্ভূজা ধৰা ভয়া জীবৰ কল্যাণী॥
দেবীৰ সমানে বেশ যৌবনে গবিতা।
নবীন বয়সী কভু নোহে বাল্য বৃদ্ধা॥
প্ৰবাল সালৰ অগ্ৰে নবৰত্ন সালা।
অতি মহাসাল বহু যোজন দীঘলা॥
দেবীৰ মণ্ডপ বহু তথাতে আছয়।
পুখুৰী তড়াগ গৃহ মাটি ৰত্নময়॥
দেবী অবতাৰ মানে তথাতে থাকয়।
আৰু মহাবিদ্যা সব সিথানে ৰহয়॥
নিজ আবৰণে নিজ তুষণ বাহনে।
কোটি সূৰ্য্য সম সবেৰ হে সিটো স্থানে॥