পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৩
শ্ৰীদেবীভাগৱত।

দেবীৰ শকতি ব্ৰহ্মাণ্ডৰ ক্ষোভকাৰী।
নান৷ শক্তি সমে নানা বিমান বিহাৰী॥
সহস্ৰ মুখেয়ো শক্তি বৰ্ণিবে নপাৰে।
মনুষ্য কি শক্তি পৰাক্ৰম বৰ্ণিবাৰে॥
ইন্দ্ৰনীল সাল অগ্ৰে মুক্তা গঢ় পূৰী।
দীঘলে যোজন দশ প্ৰস্থে বহুযুৰি॥
মধ্য ভূমিখানো মহা মুক্তায়ে নিৰ্ম্মিত।
তাৰমধ্যে অষ্টদল পদ্ম সুৰঞ্জিত॥
কেশৰ কৰ্ণিকা মুক্তা মনিতে নিৰ্ম্মান।
তৈতে দেবী সমঅষ্ট মন্ত্ৰি গণ স্থান॥
জগতৰ বাৰ্ত্তা লই দেবীক যোগাই।
দেবী সম সুখভোগি ইঙ্গিতে বুজই॥
সকলো কাৰ্য্যতে প্ৰোক্ত সবাতে কুশল
দেবী অভিপ্ৰায় বুজে প্ৰভূ কাৰ্যে বল॥
নানাশক্তি নমে প্ৰতি ব্ৰহ্মাণ্ড নায়িকা।
প্ৰাণি সমাচাৰ জ্ঞান শকতি দায়িকা॥
অনঙ্গ কুসুমাতুৰা অনঙ্গ কুসুমা।
অনঙ্গ মদনাতুৰা অনঙ্গ মদনা॥
শশী ৰেখা নভো ৰেগা ত্ৰিভুবন পাল।
পাশাঙ্কুশ বৰাভয় যাত্ৰী সৰ্ব্ব বালা॥