পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮২
চতুৰ্থ স্কন্ধ

এহিৰূপে মহা দেব গণ দেবী গন।
সমস্তেক জন তাতৰহে অনুক্ষন॥
বৈদূৰ্য্য অগ্ৰে পৰ সালা পূৰীখান।
ইয়োদশ যোজন দীঘল পৰিমাণ॥
ইন্দ্ৰণীল ৰত্ন মণি সাৰে নিৰ্ম্মিআছে।
ৰাজ পথ ভুমি গৃহ সমস্ত নিৰ্ম্মিছে॥
বাপীকুপ দীঘি সেহি মানিৰে নিৰ্ম্মিত।
তাৰ সহৃপদ্ম বহু যোজন বিস্তৃত॥
সুদৰ্শনসম দীপ্তিমন্ত ষোলদল।
তথাতে ষোড়শ শক্তি বসতিৰ স্থল॥
সকল সমৃদ্ধি সৰ্ব্ব উপহাৰ সমে।
তাত নিবসতি ষোল শক্তি অনুক্ৰমে॥
উমা সৰস্বতী লক্ষ্মী শ্ৰীদুৰ্গা কৰালী।
শ্ৰুতি স্মৃতি ধৃতি মতি মেধা বিকৰালী॥
কান্তি আদি ষোৰ শক্তি তথাতে থাকন্ত।
নীল মেঘবৰ্ণ জ্যোতি খড়্গ পথহস্ত॥
খেটক ধাৰিনী সৰ্ব্বে সমান কুশলা।
মূল ঈশ্বীৰৰ ইটো সৈন্য মহাবলা।
প্ৰতি ব্ৰহ্মাণ্ডত যত শক্তি গণ আছে।
সবাৰ নায়িকা ৰূপে ইসহ ৰহিছে॥