পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৯
শ্ৰীদেবীভাগৱত।


গোমেদক পূৰঅগ্ৰে মহা বজ্ৰসালা।
বজ্ৰমণি নিৰ্ম্মি দশযোজন উজ্বলা॥
ৰাজদ্বাৰ কপাত শৃঙ্খলা হীৰাময়।
বহুবিধ গৃহ সুবিস্তাৰ পন্থচয়॥
পুলি পুলি বৃক্ষ সব ৰঞ্জি সাৰি সাৰি।
দীঘি সৰোবৰ বাপা তডাগ পখুৰী
তৈতে দেবী ভূবনঈশ্বৰী পৰিবাৰে।
লক্ষ কোটি দাসী সমে ৰহে নিৰন্তৰে॥
একো একো জনে লক্ষ দাসী সেৱা কৰে।
কেহো তাল বৃন্তে কেহো কেহো গা-মলছে॥
কেহো তাম্বুলৰ বটা ধৰে লয় লাসে।
কেহো চত্ৰ ধৰে কেহো চামৰে বিলাসে॥
কেহোজণী বিচিত্ৰ বসন পৰিধান।
কেহো ফুলমালা পিন্ধি হাসে ক্ষণে ক্ষণ॥
কাৰো সিন্দুৰৰ ৰেখা চক্ষুত কজল।
কাৰোবা কুঙ্কুমে চৰ্চ্ছা দেহ সুকোমল॥
কেহোজনী সিন্দুৰে কজ্জলে মিলি পিদো
কেহোজনী পদৰঞ্জি যেটুকীয়া বান্ধে॥
কেহোজনী লযলাসে নানা বস্ত্ৰ পিন্ধি।
আগে পাছে ভৰি দেখে ঠিয খোপা বান্ধি॥