পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৮
চতুর্থ স্কন্ধ৷

এক একজন দশ অক্ষৌহিণী সম।
একজন লক্ষ ব্ৰহ্মাণ্ডৰ নাশ ক্ষম॥
এহিৰূপ মহা সৈন্য কটেক আছয়।
তাক গনিবাক ৰাজ কাৰ শক্তি হয়॥
ৰথ গজবাজী হাতী নাহিকে গণন।
সকলো যুদ্ধৰ সাজ আছে সিটোস্থান॥
সিটো মহাশক্তি সমস্তৰ নাম শুনা।
বিদ্যা হৃষ্টি পুষ্ঠী প্ৰজ্ঞাসিণী বালী॥
কুহু, ৰুদ্ৰা, বীৰ্য্যা, প্ৰভা, নন্দা, প্ৰোষা শুভ
কালৰাত্ৰি, মহাৰাত্ৰি, ভদ্ৰকালী, আভা॥
বিকৃতি, কপৰ্দ্দী, দণ্ডি, মুণ্ডি, সিখণ্ডিণী।
নিষ্টম্ভ, স্তম্ভমথণী, মহিষ মৰ্দ্দিণী॥
ইন্দুখণ্ডা, ইন্দ্ৰাণী, ৰুদ্ৰাণী, অৰ্দ্ধ নাৰী।
ত্ৰিসূলী, পালিণী, আৰু নাৰায়ণী নাৰী॥
অম্বিকাহ্লাদিণী আদি পঞ্চবিংশ শক্তি।
একজন কোপে ৰাজা নষ্ট বিশ্বসৃষ্টি॥
ইসবাৰ পৰাজয় কোনো কালে নাই।
আৰু ইসবাৰ হাতে কাৰো ৰক্ষাহয়॥
কন্তু পৰ আজ্ঞাবৰ্ত্তী কৰিবে নপাৰে।
এতেকে অকালে সৃষ্টি সংহাৰ নকৰে॥