পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৯
শ্ৰীদেবীভাগৱত।

সৰোবৰ তড়াগ পুখুৰী তৈত আছে।
দেবী কৰ্ম্ম কাৰী দেবসিদ্ধ তৈত বৈসে॥
বাপী কুপ তড়া দেবী অৰ্থে উচৰ্গয।
সিটো সবলোক তৈত বসতি কৰয়॥
আৰকুট আগে সপ্ত যোজন দীঘল।
পঞ্চলোহা বনখান অতি সুনিম্মল॥
মন্দাৰ বাটিকা তাৰ মধ্যত আছয়।
নান৷ পুষ্পলত৷ পত্ৰ শোভিত কৰয়॥
তৰি অধিপতি শৰদৰ ঋতুৰাজ।
কুলক্ষ্মী স্থলক্ষ্মী নামে তাৰ দুই ভাৰ্য্যা॥
দানসিদ্ধি লোক ভাৰ্য্যাসমে তাতৰহে।
আৰুনানা সাধুবন্তু সিটোস্থানে বসে।
পঞ্চ লোহা সালঅগ্ৰে মহ৷ ৰৌপ্যসাল।
দৰ্ঘে সপ্ত যোজন উচ্ছৃিত সুবিশাল॥
পাৰিজাত বন তাত ফুলে জক মক।
দশ যোজনক লাগি গন্ধে বিয়াপক॥
দেবী কৰ্ম্মকাৰী তৈত সেবক বিহৰে।
তাৰঅধিপতি সদা হিম ঋতুফুৰে॥
শ্ৰী আৰু বিশ্ৰীনামে তাৰদুই ভাৰ্য্যা।
তাসম্বাৰ আজ্ঞাতে বৈসে সিদ্ধ প্ৰজা॥