পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৬
চতুৰ্থ স্কন্ধ।

বিল্বতেজ পত্ৰ আৰু মলতী মধাই।
বনেউপ বনে নানা তৰুশোভা পাই॥
কোকিল ভ্ৰমৰ নানা বিধ পক্ষী চয়।
সুমধুৰ স্বৰেসবে অনন্দে গাৱয়॥
সুশীতল স্নিগ্ধছায়া মৃতৰ সংযুক্ত।
নানাঋতু নানাপক্ষী তথা বিহৰন্ত॥
নানাৰস ময় জল যুক্ত নদীসব।
পাৰাবত শুক সাৰী কপোত শালিক॥
হংস হংসী চক্ৰবাক আৰু পানী কাউৰী।
লতাগুল্মে জলেস্থলে ফুৰন্ত বিহৰি॥
সুগন্ধ মলয় বায়ু বহেবন ভেদি।
মৃগ মৃগী আনন্দে বিহৰে মন সাধি॥
ময়ুৰে কৰম্ভ কেকা মেকা মৃদু ৰায়।
সুমধুৰ শ্বৰে সবে আনন্দে নাচয়॥
কাংস্যমাণা উত্তৰত তাম্ৰসাল খান।
চাৰি দ্বাৰ সমে উচ্চ সপ্তম যোজন॥
ইটোছুই বন মাঝে কল্প বাটিখান।
তাৰ যত বৃক্ষফুল সুবৰ্ণ সমান॥
বীজফল ৰত্নময় পত্ৰ, স্বৰ্ণ হয়।
দশযোজনক লাগি গন্ধ বিলৱয়॥