পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৭
শ্ৰীদেবীভাগৱত।

পঞ্চভাগ মূল আদ্যা-শক্তি কলা অংশ।
ই সবাৰ পূজা বিধি কহিয়ো কবচ॥
নাৰায়ণ কহে বাপু প্ৰকৃতি লক্ষণ।
শাবশেষে নিবন্ধিবে পাৰে কোন জন॥
এত বুলি নবম দশম একাদশ।
দোৱাদশ স্কন্ধ ভাগৱতে কৈল শেষ॥
পৰমাদ্যা প্ৰকৃতি সেবন সৰ্ব্বমূল।
তাঙ্ক ভজি পূৰ্ব্বযুগে সবে শক্তি পাইল॥
সৰ্ব্বব্যাপী মহামায়া প্ৰকৃতি ঈশ্বৰী।
তাঙ্ক ভজি ব্ৰহ্মা ভৈল সৃষ্টি অধিকাৰী॥
শিব ভৈল মৃত্যুঞ্জয় সংহাৰ সকতি।
বিষ্ণুয়ে পালন শক্তি ভৈল লক্ষ্মীপতি।
সাবিত্ৰী সহশ্ৰ বৰ্য পূৰ্ব্বে তপ কৈল।
শক্তিৰ প্ৰসাদে কৃষ্ণ-বক্ষে স্থান পাইল॥
দুৰ্গাতপে সহস্ৰ বৰিষ হিমালয়ে।
তাৰ ফলে সৰ্ব্ব পূজনীয়া শক্তি পাৱে॥
একলক্ষ দিব্যবৰ্ষ গন্ধমাদনত।
তপিলন্ত সৰস্বতী ভৈল কৃত কৃত্য॥
দিব্য একশত যুগ লক্ষ্মী তপ কৈল।
এতেকতে লক্ষ্মীপদ তাৰ প্ৰাপ্ত ভৈল॥