পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
চতুর্থস্কন্ধ।

পূৰ্ব্বে চিৰকাল তুমি মোহোৰ কাৰণ।
কৰিলা ভাৰতে তপ পৰম দাৰুণ॥
তোমালাগি শঙ্খচুড়ো বহুত পকৈল।
সিহেতু তোমাক সিটো ৰমণী পাইল॥
বহুকাল তোমালই কৰিল বিহাৰ।
বৰ্তমানে দিলোমই তপ ফলসাৰ॥
এইত ত্যাগধৰা দিব্যনৰ দেহ।
লক্ষ্মীৰ সমানে মোৰসঙ্গে বিহৰিৰ্হ॥
এইত নদীৰূপে গণ্ডুকী হুইব।
ভাৰতৰ মধ্যে মহা পুন্যনদী হুব॥
তোমাৰ যে কেশ গুচ্ছ পুন্য বৃক্ষহব।
তুলসী বুলিয়া নাম জগতে ঘুষিব॥
তুলসীৰ কেশে জন্ম সিহেতু তুলসী।
সৰ্ব্ব পুন্যফল প্ৰদা পৰম সুবাসী॥
ইতিনি লোকত সব দেবতা পূজনে।
পত্ৰ পুষ্পফল মধ্যে তুলসী প্ৰধানে॥
স্বৰ্গেমৰ্ত্যে পাতালে গোলোকে মোৰভবে।
পুষ্পদমে তোমাৰ তুলসী বৃক্ষৰবে॥
ভাণ্ডীৰ চম্পক বনে চম্পক কাননে।
মাধবী কেতকী কুণ্ড মালতীৰ বনে॥