পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
চতুৰ্থ স্কন্ধ।

সময়ন্তি কৰিদিল মাধব ব্ৰহ্মন।
শিব কৈলাসক গৈলমই নিকেটন॥
এতকহি ভগবান আহাৰ কৰিল।
পালঙ্কে শুতিয়া ৰতি ক্ৰীড়া আৰম্ভিল॥
ৰমে ৰমাপতি তুলসীক নানাভাবে।
ৰমণৰ ব্যতিক্ৰম তুলসী বিচাৰে॥
সৰ্ব্ব ভাবে বিতবক কৰয় মনে মনে।
ইটো কোন জন মোক ৰমে এহিঠানে॥
তুলসী পুচন্ত কহ তুমি কোনজন।
মায়াবদী মোৰ ধৰ্ম্ম কৰিলি লঙ্ঘন॥
মোহোৰ সতীত্ব নষ্ট কৰিলি দুৰ্জন।
দিবো ঘোৰ শাপতোক নুহিকে খণ্ডন॥
তুলসী বচনে হৰি ভয়তে কাপিল।
শাপভয়ে ততক্ষনে নিজ মূৰ্ত্তিভৈল॥
আগতে দেখিল দেবী দেব সনাতন।
নবান নীৰদ শ্যাম পঙ্কজ লোচন॥
কোটি কন্দৰ্পৰ ঠাম সুন্দৰ মুকতি।
ৰতন ভূষণে দেহ কৰিআছে জৌতি॥
প্ৰসন্নবদন ঈষদ্ধাস্য পীতবাস।
দেখিকামে মুৰ্চ্ছা ভৈল তুলসী সহস॥