পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শ্ৰীশ্ৰীদেবী ভাগৱত।

কশ্যপৰ আগে দিতি কহিল বিনাই।
ইন্দ্ৰ তুল্য বীৰ পুত্ৰ মোৰ যেন হই॥
মুনিকহে সুস্থ হোৱা নকৰা বিমন।
ব্ৰত অন্তে তবপূত্ৰ হুইবে শোভন॥
শত ইন্দ্ৰ তুল্য পৰাক্ৰমী পুত্ৰ পাইবা।
উত্তম প্ৰকাৰে যেবে ব্ৰত আচৰিবা॥
মুনিবাক্য শুনি সতী ব্ৰত আচৰিল।
সময়ে তাহাত ঋষি গৰ্ভাধান কৈল॥
শুচি সঞ্জমনে থাকে পতি সেবাকৰি।
ভূমিত শয়ন কৰে বস্ত্ৰশয্যা কৰি॥
এহিৰূপে গৰ্ভ যেবে সম্পূৰ্ণ হইল।
অগ্নিহেন দিতি দেহ প্ৰকাশ হইল॥
হেন দেখি অদিতি লভিল মহাদুঃখ।
দিতিৰ হুইবে পুত্ৰ ইন্দ্ৰ বলাধিক॥
পাছে মোৰ ইন্দ্ৰক কৰিবে হিংসাবল।
এতভাবি দেবৰাজ ডাক দি আনিল॥
দেখিছে৷ দিতিৰ গৰ্ভ অতি তেজোবান।
গৰ্ভনাশ হেতু ইন্দ্ৰ কৰহ বিধান॥
নতু উপজন্তে গৰ্ভে কৰিয়ো বিনাশ।
সতিনীৰ তেজদেখি মোৰ শুকাই দেহ॥