পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
চতুৰ্থ স্কন্ধ।


শিব শঙ্খচূড়ৰযুদ্ধ।
পদ।

নাৰায়ণে কহিল নাৰদ তপোধন।
যুদ্ধ বাৰ্ত্তা শুনি হৰে হাসিল তখন॥
তত্ব জ্ঞান বিশাৰদ দেব পঞ্চনান।
কালী বাক্য শুনি পাছে কৰিল গমন॥
লগতে সাজিল নন্দি ভৃঙ্গি আদিগণ।
শিবে দেখি শঙ্খচূৰ নামিল তেখন॥
বিমানৰ পৰা নামি বৈষ্ণব প্ৰবৰ।
মাথা গুঞ্জি শিব পদে নমিল সত্বৰ॥
ভক্তি কৰি ডণ্ডবতে প্ৰনাম কৰিল।
তাত পাছে শিঘ্ৰে গই বিমানে উঠিল॥
বিচিত্ৰ সন্নাহা পিন্ধি ধনু লৈল হাটে।
দিব্য অস্ত্ৰে শস্ত্ৰে পূনু যুজে পুৰ্ব্বৱতে॥
পিনাক টঙ্কাৰি হৰে বাণ বৰষিলা।
শবদতে দশোদিশ ভূবণ কাস্পিল॥
ভীষণ অস্ত্ৰৰ ঘটা অগনি নিকলে।
দুইকো দুই প্ৰহাৰ কৰন্ত অবহেলে॥