পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
শ্ৰীদেবীভাগৱত।

এতেকতে নৰ লাগি পথ প্ৰবন্ধিলা।
বিষ্ণু বৈষ্ণবক যাতে নাহি কৰে হেলা॥
দেখোতে দেখিছ সবে শক্তি মাত্ৰ সাৰ।
শক্তি না হইলে সৃষ্টী হোৱে চাৰখাৰ॥
তথাপিতো মুঢ় নৰে বিভেদ কৰয়।
বেদ পুৰানত কৈতো ভেদ নালেখয়॥
সব নদ নদী যেন সাগৰত যায়।
সৰ্ব্ব পথে সেহি ৰূপে তোমাকেসে পায়॥
কিন্তু মাত্ৰ আপচু শুনিবে কৰ্ণ পথে।
নিন্দা বাদ নাহি সাস্ত্ৰকাৰ জ্ঞানী মতে॥
এক আত্মা সৰ্ব্বব্যাপী শক্তি পৰাৎপৰ।
তাঙ্ক ভজি সংসাৰ সাগৰে হোৱে পাৰ॥
দ্বাবিংশ অধ্যায় পদ পুণ্য ভাগৱত।
কালী শঙ্খচুড় যুদ্ধ পৰম অদ্ভুত॥
কলিৰ পৰম ধৰ্ম্ম সিদ্ধি মনস্কাম।
গোপালে ৰচিল ডাকি বোলা ৰাম ৰাম॥