পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
চতুৰ্থ স্কন্ধ।

অস্ত্ৰ হানি দৈত্যপতি তিল তিল কৰে।
চাম্প মাৰি দেবী তাক ধৰে আৰ বাৰে॥
পুনৰপি শঙ্খচুৰ প্ৰণাম কৰিল।
পদতলে মাথা গুঞ্জি দণ্ডবত কৈল॥
মাতৃ ভক্ত জানি কালী অস্ত্ৰ নামাৰিল।
কিন্তু গলছেপি টেপামাৰিয়া ধৰিল॥
গলছেপি টেপামাৰি ধৰিল ভবানী।
ঘুৰাইয়া ফেলে আকাশত দলি হানি॥
পাক ফুৰি আকাশত ঘুৰে শঙ্খচুৰ।
উলতি পৰয় আসি ভূমিৰ উপৰ॥
যেহেন বালকে আকাশত ধোপ খেলে।
সোট মোচ খাই পৰে ধৰণী উপৰে॥
সেহিমতে শঙ্খচুড় ভূমিত পৰয়।
পৰিবা মাত্ৰকে পুনু লম্ফদি উঠয়॥
উঠি পুনু কালীপদে কৰন্ত প্ৰণাম।
মায়াতে সৃজন কৰে ৰতন বিমান॥
বিমানে চড়িয়া পুনু ৰণক আসয়।
দুই হাতে ধৰি কালী চোবাইবে খোজয়॥
মখহন্তে মায়াময় অন্তৰি পল'য়।
বায়ু সম দেহ মাৰিবাক নপাৰয়॥