পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
চতুৰ্থ স্কন্ধ

যোজন প্ৰমাণ দীৰ্থ প্ৰচণ্ড মাৰ্ত্তণ্ড।
মুখহন্তে উক্লাৰাশি বহে জাট জাট॥
দেখিৰাজা মহাদিব্য অস্ত্ৰঝাক দিল।
আকাশতে দেবী শক্তি শতখণ্ড কৈল॥
মনত বোলয় কালী কিনো বীৰ গোট।
ভালতো ত্ৰিদশে আৰ নসহয় ছোট॥
শক্তিনষ্ট দেখি ক্ৰোধে অগ্নি উঠলিলা।
বধলাগি মহাপণ্ড পথ অস্ত্ৰ লৈলা॥
তুনহন্তে অস্ত্ৰ পাট আনিল আষুৰি।
ওলতা পালতা মণ্ড পৰিল সাদৰি॥
পাণ্ডপত তন্ত্ৰযেবে গুণত লগাইল।
সমস্ত সংসাৰ কাঁপি তোলপাৰ ভৈল॥
ঠোপা ঠোপে আকাশৰ তৰাখহি পৰে।
জোটা জুটী বান্ধে নাগ অনন্ত পাতালে॥
হেনকালে উপৰে আকশী বানী ভৈল।
কালীকাৰ কৰ্ণে শব্দ প্ৰবেশি কহিল॥
শ্ৰীহৰি কবচ তাৰ কণ্ঠত আছয়।
এতেকতে পাশু পত্ৰে মৃত্যু নাহিহয়॥
যতক্ষন দেহেতাৰ কবচ থাকয়।
যতক্ষণে তুলনীৰ সসীত্ব আছয়॥