পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
চতুৰ্থ স্কন্ধ।

উগ্ৰ উগ্ৰ দ্ৰষ্ট্ৰা আদি ডাকিনী যোগিণী।
পুনু পুনু মধুপাণে উন্মন্তা নাচনী॥
মহা ভয়ে দৈত্য সেনা ৰাজাত জনাইল।
কালিকাক দেখি শঙ্খচূড় শীঘ্ৰ আইল॥
শঙ্খচূড় অভয় দিলন্ত সৰ্ব্বজনে।
কালী সমে ঘোৰ যুদ্ধ বাজিল তেখনে॥
প্ৰলয়ৰ অগ্নি শিখা হেন অগ্নি বাণ।
শঙ্খচুড় দানবক কৰিল সন্ধান॥
আকাশৰ পথে মহা বহ্নি উঠলিল।
বৰুণাস্ত্ৰে শঙ্খচুড় লীলায়ে কাটিল॥
দেখিকালী মহা বৰুনাস্ত্ৰ প্ৰহাৰিল।
শিলাখোলা ৰুধিৰ কৰ্দ্দম বৰষিল॥
প্ৰলয়ৰ মেঘে যেন কৰন্ত বৰ্ষণ।
সেহিমতে ৰণভূমি ভৈল জলাকীৰ্ণ॥
দেখিৰাজা গন্ধৰ্ব্বাস্ত্ৰ কৰিল প্ৰহাৰ।
লীলায়ে দেবীৰ বাণ কৰিল সংহাৰ॥
কালিকা মাৰিল পাছে মহেশ্বৰ বাণ।
ব্ৰহ্মা অগ্নি শিখাতাত ভৈল উতপন॥
আকাশত ছটছটী বিদ্যুত উঠয়।
ঝাকে ঝাকে অগনি স্ফুলিঙ্গ বৰিযয॥