পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৫
শ্ৰীদেবীভাগবত।

কাৰ্ত্তিকৰ কথা আবে ইমানতে থও।
অম্বিকা যিকৈল তৈত বিবৰিয়া কও॥
কাৰ্ত্তিকক ৰাখি দেবী সমৰে ধাইল।
নন্দি মুখ্যে ডাকিনী যোগিণী সবো আইল॥
পলাতক দেব সবো আসিল পালতি।
কালিকাৰ সঙ্গে ৰণে হুইল মুকতি॥
দেবতা গন্ধৰ্ব্ব যক্ষ ৰাক্ষস কিন্নৰ।
কোটি কোটি বাদ্যে ভণ্ডে ব্যাপি দিগাণ্ডৰ॥
নানা ৰূপ দেব বাদ্য মধুৰ সুস্বৰ।
গন্ধৰ্ব্ব কিন্নৰে বাদ্য কৰে মনোহৰ॥
শত শত ভাৰ মধু কলস বহয়।
পুনু ৰণ স্থল ভৈল পূৰ্ব্বৰ আনয়॥
ৰণে প্ৰবেশিয়া কালী সিংহনাদ কৈল।
অট্ট অট্ট ঘট্ট ঘট্ট হাসিৰে লাগিল॥
দেবতাৰ সিংহনাদ কালিকা গৰ্জ্জন।
বিত্ৰাশিত দৈত্য সেনা মৰা মুৰ্চ্ছাহেন॥
শত শত কলসিক একে বাৰে ধৰি।
কৰৈ মধুপান কালী নাছে দিগম্বৰী॥
আলু ঠালু মুক্ত কেশ খড়্গ খৰ্পৰ।
লক লক ঘোৰ জিহ্বা ব্যাপি দিগান্তৰ॥

*২৮*