পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
চতুৰ্থ স্কন্ধ।

হিয়া ভেদি পিঠি পাচে বাহিৰ হইল।
বিষ বহ্নি লাগি দেহ ভৈল তুলা তুল॥
সিজিল সমস্ত দেহ নিচলি পৰিল।
কোলাকৰি কালী শির থানে নিয়া থৈল॥
কাৰ্ত্তিকক শিব স্থানে ৰাখিয়া ভবানী।
উগ্ৰ চণ্ডা ৰূপে ৰণে প্ৰবেশে আপুনি॥
শূল পাখৈ ছকিয়া ভাঙ্গি ফেলাইল।
পুত্ৰ শোকে শঙ্খচূড়ে মাৰিবে ধাইল॥

উগ্ৰচণ্ডাৰ যুদ্ধে প্ৰবেশ।
পদ।

নাৰায়ণ বদতি শুনিয়ো তপোধন।
স্কন্দক ৰাখিল কালী শিব সন্নিধান॥
শূল অগনিত দেহ সিজি তুলা ভৈল।
শ্ৰীহস্ত বুলাই শিব আৰোগ্য কৰিল॥
জীব ন্যাশ কৰি দেহে জীব সঞ্চাৰিল।
পূৰ্ব্বতো অধিক শত গুণ বল ভৈল॥
হাতে ধনুধৰি বীৰ ভৈল আগুসাৰ।
দেখে গই কালী সমে যুজে শঙ্খচূড়॥