পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২১
শ্ৰীদেবীভাগবত।

বিষ্ণু দত্ত দিব্য ধনুখান তুলি লৈল।
তাৰকা বধিবে লাগি নাৰায়ণে দিল॥
ৰতন নিৰ্ম্মিত ধনু হীৰকে খছিত।
মানিক্যে বাখৰে বান্ধিয়াছে কাখৰত॥
সেহিধনু হতেধৰি পাৰ্ব্বতী নন্দন।
ৰতন বিমানে পুনু কৈল আৰোহন॥
গুণগাছ মাৰ্জ্জি যেবে টঙ্কাৰ কৰিল।
সিটোমহা ঘোৰশব্দে ভূবন কাপিল॥
প্ৰতিধ্বনি লাগিয়া কাপিল বনখান।
তাৰ প্ৰতিধ্বনিত সমুদ্ৰ কম্পমান॥
মহা মহা দিব্যঅস্ত্ৰ গুণত যুৰিল।
কৰ্ণমানে টানিপাছে প্ৰহাৰ কৰিল॥
সৰ্পবাণ পৰ্ব্বতাস্ত্ৰ বৰ্ষে শিলা খোলা।
শঙ্খচূড়ে নিজঅস্ত্ৰে সব সংহৰিলা॥
দেখিয়া পাৰ্ব্বতী সুত ক্ৰোধে হুতাসন।
দিব্যঅস্ত্ৰ মাৰিসব কৰিল ছেদন॥
দেখি শঙ্খচূড়ে প্ৰহাৰিলা অগ্নিবাণ।
মহা অগ্নিবাণে স্কন্দ কৰিল নিৰ্য্যান॥
পুনৰপি দুজনে বাজিল ঘোৰৰণ।
যম দণ্ড কাল দণ্ড কৰিল ক্ষেপন॥