এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৬
চতুৰ্থ স্কন্ধ
হিংসা কাম মহা পাপ পৰিত্ৰাণ নাই।
ধৰ্ম্মে থাকি ৰাম নাম ঘুষিয়ো সদায়॥
ভণিল গোপালে এতেকতে পাইবা পাৰ।
কপতী জনৰ কভু নাহিক নিস্তাৰ॥
মন শুদ্ধ বিনে নোহে ভক্তি উপাৰ্জন।
শক্তি বিনে নাহি মিলে অভয় চৰণ॥
শঙ্খচূড়ৰ যুদ্ধে গমন॥
পদ।
নাৰায়ণ বদতি শুনিয়ো মহামতি।
শঙ্খচুড়ে দেখি পাছে সৈন্যৰ দুৰ্গতি॥
প্ৰাকৃত প্ৰলয়ে যেন জগত বিধ্বংস।
সেহি মতে সকল বাহিনী ভৈল নাশ॥
শূন্য ভৈল চতুৰ্দ্দিক কাক পঠাইব।
ৰথ সজ্জাকৰি আবে আপুনি যাইব॥
এত বুলি ৰথেচড়ি ধনুৰ্ব্বাণ ধৰি।
কাৰ্ত্তিকৰ সঙ্গে যুদ্ধ দিল আগবাঢ়ি॥
ধণুৰ্গুণ টানি শৰ বৰষিবে লৈল।
মূষল ধাৰাযে মহা অস্ত্ৰ প্ৰহাৰিল॥