পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৫
শ্ৰীদেবীভাগৱত।

একলে কুমাৰ শত অক্ষৌহিনী সৈন্য।
মাথিয়া পেলাইল ৰণস্থল ভৈল শূন্য॥
তিনিলক্ষ অক্ষৌহিনী দানব বাহিনী।
চতুৰঙ্গ দলে মিলি পূৰ্ব্বে আছে গনি॥
একলে কাৰ্ত্তিক মাৰে শত অক্ষৌহিনী।
তাৰ অন্ধ বিনাশিল দেবৰ বাহিনী॥
বাকী সব মানে কালী চোবাই গিলিল।
যিবা অল্পশেষ ছত্ৰ ভঙ্গে পলাইল॥
এহি মতে দানবৰ সৈন্য ভৈল নষ্ট।
আনন্দে দেবতা গণে বৰিষন্ত পুষ্প॥
জয়ধ্বনি কৰে কাৰ্ত্তিকক প্ৰশংসন্ত।
স্তুতি নতি পুষ্পৱষ্টি কৰে অপৰ্য্যাপ্ত॥
সৰ্ব্ব সৈন্য ক্ষয় দেখি দানব ঈশ্বৰ।
বিমানে চড়িয়া ৰণে ভৈল অগ্ৰসৰ॥
জয় নমো জগত জনক শ্ৰীৰাম।
ধৰ্ম্মৰক্ষ্য অধৰ্ম্ম সংহাৰ তযু কাম॥
শঙ্খচুৰ নৃপতিত দেখিয়ো মিলাই।
যাহাৰ সমান শ্ৰীমন্ত কেতো নাই॥
বৈকুণ্ঠ বিভুতি যাৰ হাততে আছিল।
কালে গ্ৰাসিলন্ত ক্ষণে চুৰ্ণি কৃত ভৈল॥