পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩১৩
শ্ৰীদেবীভাগৱত।

অস্ত্ৰ জালে তিৰিমিৰি দেখে দৈত্য সব।
এক কালে মাৰে সৰ্ব্ব কৰিয়া আটোপ॥
কেহশৰ কেহশক্তি মুসল মুদ্গৰ।
কেহ ভল্ল ভিন্দি পাল পৰশু তোমাৰ॥
দৈত্যৰ অন্যায় দেখি জগত জননী।
একলম্ফে ৰণমাঝে পৰিল তখনি॥
অষ্ট যোজনৰ মধ্যে যতেক পাৰয়।
হাতে চপাই আনি দন্তে চৰ্ব্বন কৰয়॥
খদ্গে কাটি মুণ্ড ছেনি ৰক্ত পাণকৰে।
যোজন প্ৰমান ভৰি কোটোৰা ভিতৰে॥
দশ লক্ষ হাতী শত লক্ষ ৰণ ঘোড়া।
ৰথ ৰথী ৰাহুতী মাহুতী খদ্গ খাণ্ডা॥
গজ ঘণ্টা কাঁহ অঙ্কুশ সমন্বিতে।
একেবাৰে মুখভৰি কৰে চুৰ্ণি কৃত॥
শতকোটি সৈন্য হাতে সাবটি ধৰয।
মুখে ফেলি কালা সৰ মৰিচো বাৰয়॥
মৰমৰি শব্দ উঠে জগত বিয়াপি।
প্ৰলই কালৰ মেঘ গাৰ্জ্জন স্বৰূপি॥
অষ্টযোজন চৌঠষ্টি মাইল ....
চাৰিদিন পাঞ্চ ......